“...ঝড়ের মুকুট পরে ত্রিশূণ্যে দাঁড়িয়ে আছে, দেখো ,স্বাধীন দেশের এক পরাধীন কবি,---তার পায়ের তলায় নেই মাটি হাতে কিছু প্রত্ন শষ্য, নাভিমূলে মহাবোধী অরণ্যের বীজ...তাকে একটু মাটি দাও, হে স্বদেশ, হে মানুষ, হে ন্যাস্ত –শাসন!—সামান্য মাটির ছোঁয়া পেলে তারও হাতে ধরা দিত অনন্ত সময়; হেমশষ্যের প্রাচীর ছুঁয়ে জ্বলে উঠত নভোনীল ফুলের মশাল!” ০কবি ঊর্ধ্বেন্দু দাশ ০

মঙ্গলবার, ১১ অক্টোবর, ২০১১

যুগসন্ধি-১

(Author's note: I am planning a novel on alternate history......if my heart cooperates with my pen, I promise u a good "soul food")

ৱ বৰা লাহে লাহে নামঘৰটোলৈ সোমাই আহিল। হাততে লৈ অহা ফলমূল কেইটামান মণিকূটৰ দুৱাৰৰ ওচৰতে থৈ তেওঁ নামঘৰৰ দেউৰীৰ কাম কৰা লোচনক বিচাৰি ইফালে সিফালে চালে। সি গধুলিৰ ধুপ-ধুনা জ্ৱলোৱাৰ আয়োজন কৰিছে।

“বাবা এইকেইটা কাটি-কুটি শৰাইখনতে লগাই দিবি অ’”।-তেওঁ ক’লে।কাম কৰি থকাৰ পৰাই হ’ব বুলি কৈ লোচনে লৰালৰি লগালে। তাৰ বেচি ৰাতি কৰাৰ ইচ্ছা নাই।

“আজিকালি বেছি দেৰি নকৰাই ভাল বৰদেউতা। দিন কাল ভাল নহয়”।-ফল কাটি কাটি সি ক’লে।–“গাঁৱত হেনো আজিকালি ৰাতি ৰাতি ক’ৰবাৰ অচিনাকি ল’ৰাবোৰ ঘুৰি ফুৰে”।

“হে মই বুঢ়া মানুহটোক কিডাল কৰিব অ’!”-বৰাই কথাটো পাতলাই থ’লে।–“কাম হল যদি এতিয়া ডবাত কোব মাৰ, নহলে সময় যায়হে এতিয়া”।

লোচনে শৰাইখন মণিকূটৰ থাপনাৰ আগত থৈ ডবাৰ মাৰিদুডাল হাতত ল’লে। বৰাই কান্ধৰ গামোচাখন ঠিকঠাক কৰি লৈ মণিকুটৰ আগত আঠু ললে।ডবাত কোব পৰাৰ লগে লগে ওচৰতে ইফাল সিফাল কৰি থকা সৰু ল’ৰা-ছোৱালী কেইটাৰে এটা আহি নামঘৰৰ কাঁহখনো লৈ বজাবলৈ আৰম্ভ কৰিলে। বৰাই গাবলৈ আৰম্ভ কৰিলে-

“শ্রীকৃষ্ণায় বাসুদেৱায় দৈৱকীনন্দনায় চ....”

বৈকুণ্ঠ-বাণী, ধুপ-দীপৰ গন্ধ আৰু বাদ্যৰ শব্দই সন্ধ্যাৰ অময়া পৰিবেশ ৰচনা কৰিলে। ৰাস্তাৰে যোৱা বাটৰুৱাই থমকি ৰৈ নামঘৰলৈ সেৱা জনালে। ডবাৰ শব্দ শুনা দুৰলৈকে গঞাঁই কৃষ্ণনাম ল’লে।

“নাজানোহোঁ আৱাহন, নাজানোহোঁ বিসর্জন...” গাই বৰাই নাম সামৰিলে। সকলোৱে আঠু ললে। বৰায়েই আশি্ৰ্বাদ দিলে। প্রসাদ, মানে বৰায়েই অনা ফলমূলকেইটা বিলাবৰ সময়ত কেইটামান কমবয়ষীয়া অচিনাকি ডেকা ল’ৰা লোচনৰ চকুত পৰিল। সিহঁতেও তাৰ হাতৰপৰা প্রসাদ ল’লে। লোচনে বৰাৰ কাষতে বহি ল’লে।

“এই ল’ৰাদুটা আমাৰ গাঁৱৰ নহয়”, লোচনে সৰু মাতেৰে বৰাক ক’লে, “কিছুদিনৰ পৰা ইয়াত পিটপিটাই ফুৰিছে। কিবা বোলে স্টাডী কৰিছে।”

“কৰিবলে দে। আমাৰ কি?” বৰাই ক’লে।

“নাজানো কি হ’ব। বন্দুক-বাৰুদ লৈ কি স্টাডী কৰিছে সিহঁতেহে জানে।“

“বাদ দে।”, বৰাই লোচনক ক’লে। “যা, নামঘৰ সামৰগৈ।”

লোচন যোৱাৰ পাছতো বৰা কিছুসময় বহি থাকিল। এইখিনি তেওঁৰ একান্ত ব্যক্তিগত সময়। ( পাছৰ পোষ্ট চাওক)

৩টি মন্তব্য:

সুশান্ত কর বলেছেন...

আৰম্ভণীৰ ইংৰাজী কথা কেইটা অসমীয়া , নাইবা বাংলা কৰি দিলে ভাল হ'ব নেকি? উপন্যাস লিখা হোৱা উচিত ইন্টাৰনেটত। এই খনেই ঠাই যত প্রকাহ কৰাৰ কোনো দুঃশ্চিন্তা নাই।

random বলেছেন...

"এই খনেই ঠাই যত প্রকাশ কৰাৰ কোনো দুঃশ্চিন্তা নাই" সুশান্তদা, ঠিক বললেন। আজকালকের বেশিসংখ্যক অসমীয়া আর বাংলা প্রিণ্ট্যাড পত্রিকা থেকে মোহভংগ হয়েছে আমার। গত কয়েকবৎসরে ইণ্টারনেটে অনেক অখ্যাত লিখক-লিখিকার লিখা পড়ছি, তার কোনো কোনো ছেলে-মেয়ে এত কম বয়ষের - কিন্তু প্রতিষ্ঠিত "বাঘা বাঘা" সাহিত্যককেও ছাড়িয়ে যায় তারা - লিখনশৈলী বা চিন্তাধারার ম্যাচিউরিটিতে।

সুশান্ত কর বলেছেন...

আগামি দিনের সেরা লেখকেরা ইন্টারনেটেই দেখা দেবে, এ অনেকটা সাঁচিপাতের যুগের থেকে ছাপা বইয়ের যুগের মতো আরেক নতুন যুগে উত্তরণ!